চৰাইদেউঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ পাশ্বৱৰ্তী অঞ্চলসমূহত বুৰ যোৱাত ব্যাপক সমস্যাত পৰিছে ৰাইজ। নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টিপাতৰ বৃদ্ধিৰ বাবে ওফন্দি উঠা টাউকাক নৈৰ পানীয়ে বুৰাই পেলাইছে সদৰ সোণাৰি নগৰৰ লগতে বহু অঞ্চল।

একপ্ৰকাৰ বিপৰ্যস্ত হৈ পৰিছে জনজীৱন৷ বানাক্ৰান্তসকলৰ বৰ্তমান খোৱা-বোৱা আৰু থকাৰ দুৰৱস্থা হৈ পৰিছে অঞ্চলজুৰি। তাৰোপৰি সদৰ সোণাৰি নগৰৰ মূল পথ ধোদৰ আলিৰ ওপৰেদি পানী একাঠুতকৈ বেছি হোৱাৰ ফলত প্ৰায়ভাগ দোকান-পোহাৰত পানী সোমোৱাৰ ফলত ব্যৱসায়ীক সকলৰ বহু ক্ষতিসাধন হয়, সেয়েহে প্ৰায়ভাগ দোকান-পোহাৰ বন্ধ হোৱা দেখা যায়।

সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে ভয়াবহ বানৰ পৰ্য্যবেশন কৰি বুজ লয় আৰু খোৱা-বোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰাও বানাক্ৰান্তক খোৱা-বোৱাৰ সু-ব্যৱস্থা কৰা দেখা যায়।