বালিপৰাঃ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক-ঢোলৰ বজোৱাৰ বিপৰীতে জকাইচুকৰ বিদ্যালয়ৰ পয়ালগা ছবি এখন আজিও স্পষ্ট৷ ব্যক্তিগত বিদ্যালয়ৰ কৰাল গ্ৰাসত এতিয়া যেন ৰাজ্যৰ শিক্ষা বিভাগ তথা চৰকাৰী বিদ্যালয় কেইখন৷ ধন থাকিলেহে শিক্ষা আহৰণ তেনে এক প্ৰথাই আৰম্ভ হ'বলৈ ধৰিছে নেকি অসমত?
ইংৰাজী মাধ্যম তথা ব্যক্তিগত খণ্ডৰ আটকধুনীয়া গৃহৰ মোহত বন্দী নেকি এতিয়াৰ শিক্ষা ব্যৱস্থা৷ শ্ৰমিক, বনুৱা, দৰিদ্ৰ, খাতিখোৱা-দিনহাজিৰা কৰা লোক সকলৰ লৰা-ছোৱালীয়ে শিক্ষা আহৰণৰ বাবে থকা চৰকাৰী বিদ্যালয়কেইখনক পেংলাই কৰা হয় নেকি?
শ্ৰমিক, বনুৱা, দৰিদ্ৰ, খাতিখোৱা-দিনহাজিৰা কৰা লোকসকলে জকাইচুকৰ চৰকাৰী বিদ্যালয়তে নিজৰ সন্তানক পঢ়াই ডাঙৰ মানুহ কৰিব খোজে৷ এনেবোৰ বিদ্যালয়তে পঢ়ি অসমৰ গ্ৰাম্য অঞ্চলৰ হাজাৰ যুৱক-যুৱতীয়ে ৰাজ্যখনৰ নাম উজলাই তুলিছে৷
চৰকাৰী বিদ্যালয়সমূহক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে শোণিতপুৰৰ বালিপৰাৰ এখন বিদ্যালয়ত সাধাৰণ বৰষুণতে কৃত্ৰিম বানত কবলত পৰি ছাত্ৰ-ছাত্ৰীয়ে সমস্যাত পৰিব লগা হয়। বালিপৰা মজলীয়া বিদ্যালয়ৰ শ্ৰেণীকোঠা এজাক বৰষুণতে জলমগ্ন হৈ পৰে৷
ফলত বিদ্যালয়খনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। আজি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত পৰীক্ষা দিবলৈ আহি শ্ৰেণীকোঠাত একাঠু পানী দেখি বিমোৰত পৰে। উপায়ন্তৰ হৈ বিদ্যালয় কৰ্তৃপক্ষই বাৰান্দাতে পাতিবলগীয়া হয় পৰীক্ষা। বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক বানৰ সমস্যা সন্দৰ্ভত অৱগত কৰাৰ পাছতো আজিলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে।
চৰকাৰ আহে আৰু চৰকাৰ যায়, কিন্তু বিদ্যালয়খনৰ আন্তঃগাঁঠনি আজিলৈ উন্নত হে নহল বুলি ৰাইজে ক্ষোব ব্যক্ত কৰে৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠা-গাড়ীত জীৱন কটোৱা সকলে বুজিবনে বাৰান্দাত পৰীক্ষা দিয়া জকাইচুকৰ ছাত্ৰ-ছাত্ৰীৰ মনৰ কথা৷