newsnextone.com | মোৰাঝাৰঃ যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইৰ জিলাত নৈ সমূহৰ পানী বাঢ়ি আহে৷ নৈৰ পানীয়ে কেইবাখনো গাঁও জলমগ্ন কৰাৰ ফলত এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ ডিমৰু, কপিলী, যমুনা আদি নৈৰ মথাউৰি ছিঙি কেবাখনো গাঁও ডুব যোৱাত ঈদৰ উছাহো ম্লান পৰে৷
বানাক্ৰান্তই যিয়ে যেনেকৈ পাৰিছে ঘৰ-দুৱাৰ এৰি থৈ অন্য ঠাইত আশ্ৰয় লৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছে। ডবকাৰ বুঢ়ীগাঁও কালাপানীত মথাউৰি ছিঙি ডুব গৈছে বৃহৎ অঞ্চলৰ ঘৰ দুৱাৰ আৰু খেতি পথাৰ। ইয়াৰ উপৰিও যমুনা নৈৰ মথাউৰি ছিঙি ডবকাৰ হিন্দব্লক, ভেলৌআটী আদি ঠাই জলমগ্ন হৈ পৰে। ক্ষতিগ্ৰস্ত হৈছে বহু লোক।