গহপুৰ/কাজলগাঁও/কাজিৰঙাঃ নেৰা নেপেৰা বৰষুণৰ ফলত চক্ৰং নৈৰ বাঢ়নী পানীয়ে পুনৰ তাণ্ডৱ চলালে গহপুৰত৷ গৰপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰি যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত ছিগি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। গহপুৰ মহকুমা প্ৰশাসন তথা জলসম্পদ বিভাগে ছিঙা মথাউৰি নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে৷
ফলত আৰু বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বৃহস্পতিবাৰে পুনৰ ছিগে মথাউৰিটো। মেৰামতি কৰা ভগ্ন মথাউৰিটো আজি পুনৰ ছিগাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গহপুৰত। মথাউৰিৰ ছিগা অংশেৰে বাঢ়নী পানী সোমাই চত্ৰংপাৰ, মধ্য চক্ৰংঙকে ধৰি বহু কেইখন গাঁও বুৰাই পেলায়।