anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ নেৰেনেপেৰা বৰষুণৰ ফলত বানৰ কৱলত পৰিছে জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্ত৷ ঝেলাম নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত কাশ্মীৰ সংমণ্ডলৰ লগতে অনন্ত নাগ এলেকাৰ বহু ঠাই ডুব যায় হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশতি খবৰ মতে বৰষুণ দি থকাৰ ফলত পুনৰ ন’ ন’ অঞ্চল বানৰ কৱলত পৰাৰ আশংকা আছে৷ 

ইতিমধ্যে বানৰ কৱলত পৰা কাশ্মীৰ সংমণ্ডল, অনন্ত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ ৰাস্তা সমূহ ডুব যোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ ডুব যায়৷

ৰাজ্যত চৰকাৰ নথকাৰ ফলত ৰাজ্যপালে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জৰুৰী বৈঠক আহ্বান কৰে৷ সামৰিক, অসামৰিক, প্ৰশাসনিক, আৰক্ষী, সেনাৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ৰাজ্যপালৰ আবাসত অনুষ্ঠিত হ’ব বৈঠত৷ বান পৰিস্থিতিৰ বাবেই এই বৈঠকৰ আহ্বান কৰে ৰাজ্যপাল এনএন ভোৰাই৷ ইপিনে কাশ্মীৰ সংমণ্ডলৰ সকলো বিদ্যালয়, কলেজ বন্ধ ঘোষণা কৰা হৈছে৷ অনন্তনাগৰ বিভিন্ন এলেকা ঝলেম নৈৰ পানীয়ে বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে৷