newsnextone.com | ডিজিটেল ডেস্কঃ নেৰেনেপেৰা বৰষুণৰ ফলত বানৰ কৱলত পৰিছে জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্ত৷ ঝেলাম নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত কাশ্মীৰ সংমণ্ডলৰ লগতে অনন্ত নাগ এলেকাৰ বহু ঠাই ডুব যায় হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশতি খবৰ মতে বৰষুণ দি থকাৰ ফলত পুনৰ ন’ ন’ অঞ্চল বানৰ কৱলত পৰাৰ আশংকা আছে৷
ইতিমধ্যে বানৰ কৱলত পৰা কাশ্মীৰ সংমণ্ডল, অনন্ত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ ৰাস্তা সমূহ ডুব যোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ ডুব যায়৷