newsnextone.com | ডিজিটেল ডেস্কঃ বিগত এসপ্তাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷ কেইবাটাও নদীৰ পানী বাঢ়ি অহাৰ ফলত ৰাজ্যৰ বিভিন্ন এলেকা ডুব যোৱাত যোগাযোগ ব্যৱস্থাও প্ৰায় ব্যাহত হয়৷ বিভিন্ন এলেকাত যোৱা দুদিন ধৰি পানীত ডুবি থাকিব লগা হয়৷

এতিয়ালৈ ৩৪,৬৯৩ হাজাৰ লোকক উদ্ধাৰ কৰি চৰকাৰে স্থাপন কৰা শিবিৰত ৰাখিব লগা হৈছে৷ ক্ৰমান্বয়ে পানী বাঢ়ি অহাত ৮,০৩৩টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে৷ 

৩৪,৬৯৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানত ৰাখা হৈছে৷ ২৬৫টা বান শিবিৰত বানাক্ৰান্তক ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ চৰকাৰী সুত্ৰ মতে, এই পৰ্যন্ত ১২ জন লোকৰ মৃত্যু হৈছে৷ নিখোজ হৈ আছে ৬ জন লোক৷ ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে ১,২১৪টা পৰিয়াল৷ কোট্টায়াম আৰু আল্লাপুঝা জিলাত বেছি ক্ষতিগ্ৰস্ত হৈছে৷ স্কুল-কলেজ বন্ধ ৰখা হৈছে৷ প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷