লালুকঃ লখিমপুৰৰ নাওবৈছাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷ ৰঙা নৈৰ বাঢ়নী পানীয়ে এটা পকী কাৰ্লভাট উটুৱাই নিয়াৰ ফলত একপ্ৰকাৰ যোগাযোগ বিছিন্ন হৈ পৰে উত্তৰ অসমৰ অন্যান্য প্ৰান্ত আৰু লখিমপুৰৰ মাজত৷
ডিক্ৰঙৰ সুৰংগত পানী সিঁচা মেচিন বিকল হোৱাৰ ফলত চাৰিখনকৈ গেটেৰে ৰঙা নৈত অতিৰিক্ত পানী এৰে নীপকোৱে৷ যাৰ ফলত ৰঙা নৈৰ দলঙেৰে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰিবলগীয়া হয় জিলা প্ৰশাসনে৷ জিলা প্ৰশাসনে সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে৷