বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ-জনীয়া সমষ্টিৰ প্ৰায় শতাধিক গাঁও প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে। কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু বেঁকী নৈ ফেনে-ফোটোকাৰে ওফন্দি উঠাত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে।
বাঢ়নী পানীয়ে ইতিমধ্যে বাঘবৰ আৰু কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাঁৱৰ লোকে ঘৰ-দুৱাৰ, বিদ্যালয় আদি বুৰাই পেলাইছে। বাঘবৰৰ, শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, মৰাভাজ, সাতমূখী ৰামাপাৰা, সোণাবাড়ী, সত্ৰকণৰাৰ লগতে জনীয়াৰ সাওঁৰাচৰা পাথাৰ, কইমাৰী, শিতুলী, ছিধনী আদি গাঁও এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে।