নাৰায়ণপুৰঃ ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। কেইবাখনো জিলাৰ বিভিন্ন নৈৰ বাঢ়নী পানীয়ে বহু গাঁও বুৰাই পেলোৱাৰ ফলত ককবকাব লগীয়াত পৰিছে ৰাজ্যবাসী৷ চৰকাৰে বানাক্ৰান্তক যিদৰে সহায় কৰিব লাগিছিল তেনেদৰে সহায় নকৰাৰো অভিযোগ উত্থাপন হৈছে৷
বানত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাতৰি প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷ গৰাখহনীয়াৰো কবলত পৰিছে বহু লোক৷ খাদ্য-বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে৷ লখিমপুৰ জিলাৰো বহু অঞ্চল পুনৰাই বানৰ কবলত পৰিছে।