72
বাহাকাবাৰীঃ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে ৰাঙলুতো বানৰ কবলত পৰিছে কেইবাখনো গাঁও৷ যোৱা দহ দিন ধৰি অঞ্চলটোৰ বাট-পথ আৰু পথাৰ একাকাৰ হৈ পৰাৰ ফলত সীমাহীন কষ্টৰ সন্মুখীন হৈছে ৰাঙলুৰ বানাক্ৰান্ত।
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ৰাঙলু অঞ্চলত নিশাৰী নৈৰ বাঢ়নী পানীয়ে শ শ বিঘা বাও ধানৰ খেতি নষ্ট কৰাৰ লগতে শাক-পাচলিৰ খেতিও নষ্ট কৰে। আনহাতে ৰাঙলু-কচুপিত তুলসীমুখ পথটো বিগত ১০ দিন ধৰি বুৰ গৈ থকাত ভয়াবহ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ।