শোণিতপুৰঃ বানৰ কবলত পৰি ৰাজ্যৰ কেইবাখনো জিলাৰ কেইবা হাজাৰ লোক আজিও হাহাকাৰ কৰি থাকিব লগা হৈছে৷ বাঢ়নী-পানী শুকুৱাৰ পাছতো হাজাৰ হাজাৰ লোকে অন্ন, বস্ত্ৰৰ, আশ্ৰয়ৰ বাবে ঠাইৰ অবাৱত দুখৰ দিন পাৰ কৰিব লগা হৈছে৷ ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, মিডিয়া হাউচ আদিয়ে বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰি সহায় কৰা পৰিলক্ষিত হৈছে৷ শোণিতপুৰ জিলাৰ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কেইবাগৰাকী যুৱ সাংবাদিকে বানাক্ৰান্ত লোকক সহায়ৰ বাবে বান সাহায্য সংগ্ৰহ কৰি আহিছে৷ আৰ্তজনৰ বাবে সমগ্ৰ অসমৰ মানৱ দৰদী লোকসকলে ব্যক্তিগতভাৱে সাহায্য আগবঢ়োৱাই মানৱীয় প্ৰমূল্যবোধ জীয়াই থকাৰ কথাটো প্ৰতিপন্ন কৰে।