জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁও জিলাত সৃষ্টি হোৱা ভয়াৱহ বানে জিলাখনৰ বন্যাৰ্তৰ মাজত এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰি ৰখাৰ সময়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে নিতৌ বিভিন্ন সহায় সহযোগিতাৰে জিলাখনৰ বন্যাৰ্তৰ মাজত ব্ৰতী হৈ পৰা দেখা গৈছে।
জিলাখনৰ বন্যাৰ্তৰ দুখৰ সমভাগী হৈ পৰা এই সকল অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জিলাখনৰ বন্যাৰ্তৰ মাজত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়ে। মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়ৰ সেৱা কেন্দ্রৰ সঞ্চালিকা মনিকা বেহেনৰ বিশেষ তৎপৰতাত আজি মৰিগাঁও জিলা ভূৰবন্ধা উন্নয়ন খণ্ডৰ একেবাৰে ভিতৰুৱা তথা পিচপৰা অঞ্চল বঙালপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়াল সমূহৰ মাজত বস্ত্ৰ বিতৰণ কৰা।