newsnextone.com | শিৱসাগৰঃ যোৱা কেইবাটাও দিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পাহাৰত দি থকা বৰষুণে বিপত পেলাইছে নাগালেণ্ড-অসম সীমান্তৰ জিলা শিৱসাগৰক। নগা পাহাৰত নেৰেনেপেৰা বৰষুণ দি থকাৰ ফলত দিখৌ নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত কেইবাখনো গাঁৱৰ লোক পানীৰ মাজত আবদ্ধ হৈ পৰিছে। ৰাস্তা-ঘাট ডুব যোৱাৰ লগতে খাদ্যৰ সংকটত পৰা বুলি খবৰ আহিছে।
ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাই ডুবা ৰাইজে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। বিভিন্ন ঠাইত বাট-পথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়। বিভিন্ন ঠাইৰ পৰা একাংশ পৰিয়ালক অন্য ঠাইলৈ স্থানান্তৰিত কৰাৰ লগতে শিবিৰ স্থাপনৰ বাবেও সাজু হৈছে প্ৰশাসন। মঙলবাৰৰ পৰা ক্ৰমান্বয়ে পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে।