Home ৰাজ্যটীয়কত ভদীয়া বান, পুঠি নদীৰ বানৰ কবলত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত

টীয়কত ভদীয়া বান, পুঠি নদীৰ বানৰ কবলত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত

by News Desk
A+A-
Reset
flood_tiyok

newsnextone.com । টীয়কঃ বানপানী অসমৰ প্ৰধান সমস্যা। বিগত কেইবাবছৰো ধৰি বানে অসমবাসীক জুৰুলা কৰি পেলাইছে যদিও এইবাৰ বানৰ প্ৰলয় অসমত বহু পৰিমাণে লোপ পোৱা পৰিলক্ষিত হৈছে। কিন্তু “ ভাদমহীয়া বান, ভঁৰালত নাবাচে ধান”-শীৰ্ষক অসমীয়া যোজনাফাঁকিৰ দৰেই শেহতীয়াকৈ ভদীয়া বানে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যোৰহাট জিলাৰ টীয়কত ভদীয়া বানে সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে।

বিগত কেইবাদিনো ধৰি নগা পাহাৰকে মুখ্য কৰি কাষৰীয়া অঞ্চলত হোৱা বৰষুণৰ ফলত শনিবাৰে নিশাৰ পৰা ক্ষীপ্ৰতাৰে বাঢ়িবলৈ ধৰা টীয়কত পুঠীনদীৰ বাঢ়নী পানীৰ কবলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অধীনৰ মুদৈজান অঞ্চলৰ প্ৰায় ১০ খনকৈ গাঁও। পুঠীনদীৰ বাঢ়নী পানীয়ে নিশাটোৰ ভিতৰতে প্ৰলয় সৃষ্টি কৰাত অঞ্চলটোৰ শতাধিক পৰিয়ালে সংকিত হৈ ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে। ইফালে অঞ্চলটোৰ কৃষক ৰাইজে অশেষ কষ্টেৰে সেউজীয়া কৰি তোলা কেইবাশ হেক্টৰ কৃষিভূমি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মূৰে-কপালে হাত দিয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0