গহপুৰঃ গহপুৰত চক্ৰং আৰু চেঁচা নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে যদিও প্ৰশাসনে বানপীড়িতৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে। ব্ৰহ্মপুত্ৰ নদীৰ লগতে চক্ৰং আৰু চেঁচা নৈৰ বাঢ়নী পানীত জলমগ্ন হৈ পৰিছে গহপুৰৰ বাকৰিদলনিৰ বিস্তীৰ্ণ অঞ্চল।
তলতলি অঞ্চললৈ যোৱা প্ৰধান পথত এতিয়া এবুকু পানী৷ বিগত তিনিদিন ধৰি পানীত আৱদ্ধ হৈ থকা অঞ্চলটোত আজি পৰ্যন্ত উপস্থিত হোৱা নাই স্থানীয় বিধায়ক তথা মহকুমা প্ৰশাসনৰ কোনো লোক। সাগৰ সদৃশ পানীৰ মাজত আৱদ্ধ হৈ থকা বহু পৰিয়ালৰ এমুঠি ৰান্ধিবলৈকো ঠাইৰ অভাৱ ঘটিছে।