61
গোৰেশ্বৰ/নাওকাটাঃ ভূটান পাহাৰত আৰু ভাৰত-ভূটান সীমান্তৱৰ্তী বাক্সা জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে ভূটান পাহাৰৰ পৰা বৈ অহা শুক্লা, লখাইতৰা, বৰলীয়া, দেওঁচুঙা নৈৰ লগতে একাধিক জান-জুৰি।
দুয়োখন নৈৰ পানীয়ে বিপদঘণ্টা বজাইছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও। গোৰেশ্বৰ টাউনৰ সমীপৰ নিজ কুছুলা চনবস্তিত পূৰ্বৰে পৰাই মথাউৰি নথকাত ইতিমধ্যে গাঁওখনত পানী সোমাই ঘৰ-দুৱাৰ বুৰাই পেলাইছে।