newsnextone.com | কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কৱলত পৰিছে গোলঘাট জিলাৰ খুমটাই অঞ্চল। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে খুমটাই অঞ্চলত৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে খুমটাইৰ বৰবালিটোপ গাঁৱৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো গাওঁ বুৰাই পেলায়৷ ফলত ৰাইজে যাতায়াতত ভীষণ সমস্যাত পৰিছে। হঠাতে পানী বাঢ়ি অহাত হাহাকাৰ কৰিবলগীয়া হৈছে বৰবালিটোপ আৰু মিঠাআম চাপৰি অঞ্চল ৷ 

বৰবালিটোপ আৰু মিঠাআম চাপৰিৰ প্ৰায় ৩০টাৰো অধিক পৰিয়াল দুদিন ধৰি বানত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ৷ খুমটাই ৰাজহ চক্ৰৰ অন্তঃৰ্গত বৰবালিটোপ গাঁৱৰ লোকসকলে আশ্ৰয় লবলগীয়া হৈছে ১নং বুটলীখোৱা বৰবালিটোপ প্ৰাথমিক বিদ্যালয়ত ৷ বৰ্তমানলৈকে প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ বিপৰীতে এই অঞ্চলত কোনো লোক উপস্থিত নোহোৱাৰ লগতে যুৱ সমাজকৰ্মী দিপু বড়ো আৰু জিতেন শৰ্মাই খাদ্য সামগ্ৰী প্ৰদান কৰা বুলি জানিব পৰা যায়৷ গাওঁখনৰ লোকসকলে বৰ্তমানলৈকে আতংকত দিন পাৰ কৰিব লগীয়া হৈছে নৈপৰীয়া লোকসকলে।