newsnextone.com | খেৰণিঃ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙ জিলাত কেইবাখনো নৈৰ পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে৷ বহু অঞ্চলত বাট-পথত পানী উঠাত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে৷
ডংকামোকাম-খেৰণিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰা বুলি খবৰ আহিছে৷ নৈৰ পানীয়ে নৈৰ বুকুত নিৰ্মাণ কৰা অস্থায়ী পথ উটুৱাই নিয়াৰ লগতে বুৰাই পেলায় ডংকামোকাম-খেৰণি গড়কাপ্তানী পথ। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ খেৰণি-ডংকামোকাম গড়কাপ্তানী পথৰ তেলেহৰ নৈৰ পথ উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতি হৈছে৷