62
গৌৰীসাগৰঃ শিৱসাগৰৰ দিখৌমুখত শাওণৰ বানে নিশেষ কৰিলে খেতি পথাৰ৷ কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিখিনি নিশেষ নষ্ট হৈ যোৱাত মূৰে-কপালে হাত দিছে কৃষকে৷ বহ্মপুত্রৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ দিখৌমুখৰ বৃস্তীৰ্ণ অঞ্চল প্লাবিত কৰে৷
দিখৌমুখৰ ১৫ খনৰো অধিক গাঁৱৰ কৃষিভূমি পানীয়ে বুৰাই পেলোৱাৰ ফলত জাহ যোৱাৰ উপক্রম হৈছে৷ ব্রহ্মপুত্র আৰু দিখৌ নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বোৱাৰ ফলত কৃষকসকল শংকিত হৈ পৰিছে৷