বাঘবৰ/অভয়াপুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈয়ো অধিক লোকে। বানৰ এনে বিভীষিকাৰ মাজতে আজি নামনি অসমত এটি সাত মহীয়া পানী কেচুৱাসহ দুটি শিশুৰ মৃত্যু হয়৷

প্ৰাপ্ত বাতৰি মতে, বেঁকী নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱা বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি ননকে গাঁৱত পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয়। হাইশৰ আলী নামৰ লোকজনৰ সাতমহীয়া কেচুৱা দেৱান নুৰ ইঞ্জামুল হাছান নামৰ শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

আনহতে বঙাইগাঁৱৰ অভয়াপুৰী টাপাট্টাৰীত আজি পুৱা এটি দুই বছৰীয়া কন্যা শিশুৰ পানীত পৰি মৃত্যু হয়৷ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰী সমীপৱৰ্তী টাপাট্টাৰী নিবাসী আছিৰুদ্দিন আৰু নাজমা খাতুনৰ দুই বছৰীয়া কন্যা আইশা ছিদ্দিকাই প্ৰতিৱেশী এঘৰত উমলি থাকোতে বানৰ পানীৰে পূৰ্ণ দ’ খাৱৈত পৰি যায়৷ ওচৰত কোনো লোক নথকাৰ ফলত দুই বছৰীয়া কন্যা শিশুটোৰ মৃত্যু হয়৷