লালুক/শিলচৰঃ কংগ্ৰেছ দল এতিয়া শাসনত নাই৷ মোদী ছুনামিত ধৰাশয়ী হৈ কংগ্ৰেছে এতিয়া শাসনৰ পৰা বহু দূৰৈত৷ কংগ্ৰেছে পুনৰাই পুৰ্বৰ স্থিতি ঘূৰাই অনাৰ বাবে কাম কৰি আহিছে৷ দলটোৱে ছোনিয়া তনয় তথা যুৱৰাজ ৰাহুল গান্ধীক সেনাপতি পাতি সমৰত নামিছে যদিও ৰাহুল গান্ধী ঢাল-তৰোৱালহীন সেনাপতি ৰূপে ৰাজনৈতিক যুদ্ধত নমা দেখা যায়৷
দেশৰ কেইবাটাও সমস্যাক তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সবল স্থিতি লৈ ৰাইজৰ ওচৰ চপাত বিফল হৈ আহিছে নেতাজন৷ বিমুদ্ৰাকৰণ, জি এছ টি, হাইৱে নিৰ্মাণৰ বাবে কৃষকৰ মাটি অধিগ্ৰহণ, গো ৰক্ষা নামত আইন হাতত তুলি লৈ মানুহক হত্যা, কৃষকৰ সমস্যা আদি বিষয়ত ৰাহুল গান্ধীয়ে ৰাইজৰ ওচৰ চাপিব নোৱাৰিলে৷