কাৰ্বি আংলংঃ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত গড়কপ্তানী বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিলে বোকাজান মহকুমাৰ অন্তৰ্গত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেৱল ৪.৫ কিলোমিটাৰ নিলগৰ আপাৰ দেওপানী নদীৰ ওপৰত অৱস্থিত এখন দলঙে ৷
উল্লেখ্য যে ১৯৮৬ চনতে আঁসোৱাহপূৰ্ণভাৱে নিৰ্মাণ কৰা দলংখনৰ বহু বছৰ পূৰ্বে ভগ্নপ্ৰায় অৱস্থা হোৱাত গড়কাপ্তানী বিভাগ তথা স্থানীয় জনপ্ৰতিনিধি কোনোৱে দলংখন মেৰামতি অথবা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল ৷