লংকাঃ বৰ্তমান সময়ত ৰাজ্যৰ এটা জ্বলন্ত সমস্যা হৈছে নিৱনুৱা সমস্যা৷ দিনে দিনে বাঢ়ি আহিব ধৰিছে শিক্ষিত নিৱনুৱাৰ সংখ্যা৷ যাৰ ফলত বিভিন্ন উচ্চ ডিগ্ৰীধাৰী হৈও লাখ লাখ যুৱক-যুৱতী হৈ পৰিছে কৰ্মসংস্থাপনহীন৷ ৰাজ্যখনত চাকৰিৰ ক্ষেত্ৰখনো একেবাৰে সীমিত পৰিসৰৰ৷
দেশৰ মানৱ সম্পদ নামৰ শিক্ষিত নিৱনুৱাসকলৰ বাবে এতিয়া স্ব-নিয়োজনেই হৈ পৰিছে জীয়াই থকাৰ সম্বল৷ আত্মসংস্থাপনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৃষি, শিল্প উদ্যোগ, ব্যৱসায় বাণিজ্য আদিয়ে এতিয়া শিক্ষিত নিৱনুৱা সকলৰ সম্ভাৱনাৰ পথ৷ ৰাজ্যখনৰ বেছিসংখ্যক শিক্ষিত নিৱনুৱাই স্বনিয়োজনৰ বিপৰীতে চাকৰিৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায়৷