দলংঘাটঃ দৰং জিলাৰ হাপামাৰাত ননৈপৰীয়া সাহিত্য সভা ভৱনত দৌৰংগ কালচাৰেল চেন্টাৰৰ উদ্যোগত আজিৰ পৰা সপ্তাহযোৰা নাঙেলী গীতৰ কৰ্মশালা অনুষ্ঠিত হয়। ৰাতিপুৱা পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে পতাকা উত্তোলন কৰে দৌৰংগ কালচাৰেলৰ সভাপতি লোহিত চন্দ্ৰ শৰ্মাই৷
বন্তি প্রজ্বলন কৰে দৰং জিলাৰ বিশিষ্ট লোক শিল্পী দ্ৰোণ ভুঞাই৷ ইয়াৰ পিছতে নাঙেলী গীতৰ সপ্তাহযোৰা কৰ্মশালাৰ উদ্বোধন কৰে চৰ্চাৰ সম্পাদক অসীম কুমাৰ নাথে৷ কৰ্মশালাৰ সভাৰ সঞ্চালনা কৰে দৰঙী কলা কৃষ্টি সংঘৰ সভাপতি গহীন চহৰীয়াই৷ সভাত বিশিষ্ট সমাজ সেৱক ধীৰেন চহৰীয়া, মতি বড়া, কুলেন্দ্ৰ নাথ ডেকা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।