পাথৰিঘাটঃ অখ্যাত কবিৰ বিখ্যাত ৰচনা, কৃষিকেন্দ্ৰীক লোকৰ একচেতীয়া সম্পদ, গৰখীয়া ম’হৰখীয়া সকলৰ কেঁচা ঘামেৰে তিঁতা, প্ৰেম আবেগেৰে পৰিপূৰ্ণ কিছু অশ্লীলতাৰ গোন্ধ থকা ৰূপক ধৰ্মী শ্ৰম আৰু কৰ্ম বিষয়ক নাঙেলী গীত সমূহ দৰঙৰ লোক সাহিত্যৰ বৰপেৰাৰ অনুপম গীতসাহিত্য।
এই নাঙেলী গীত সমূহ নৱ প্ৰজন্মই মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে দৰঙত নৱগঠিত লোক আৰু পৰম্পৰাগত কৃষ্টি ৰ্চ্চাৰ অনুষ্ঠান দৌৰংগ কালচাৰেল চেন্টাৰৰ উদ্যোগত আজিৰ পৰা ১৬ চেপ্তেম্বৰলৈ সপ্তাহযোৰা নাঙেলী গীতৰ কৰ্মশালা এখনি ননৈপৰীয়া সাহিত্য সভা ভৱনত আয়োজন কৰিছে। নাঙেলী গীতৰ গুৰু তথা শিল্পীপেঞ্চনাৰ দীনবন্ধু শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনি উদ্ধোধন কৰিব চৰ্চাৰ সম্পাদক তথা উদীয়মান নট্যকৰ্মী অসীম কুমাৰ নাথে।