প্ৰতিকী ফটো

ডিমাকুছিঃ বনৰীয়া হাতীক কলগছ যোগান ধৰিছে কেইজনমান লোকে৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এই প্ৰশংসনীয় কাম কৰিছে ওদালগুৰি জিলাৰ টংলাৰ গৰুৱাঝাৰ ননৈ চেৰফাং প্ৰগতি চ’ছাইটি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে৷

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গৰুৱাঝাৰ অঞ্চলত বছৰ বছৰ ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি জীৱ শ্ৰেষ্ঠ মানৱৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় বন্যহস্তী। বন্যহস্তী শ শ লোকৰ প্ৰাণ লোৱাৰ লগতে খেতি পথাৰ তহিলং কৰাৰ লগতে বহু মানুহৰ  ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে।

বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন সুঁৱৰিছে সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণে। ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ ফলত মানুহে নিজৰ বিপদ নিজে চপাই লৈছে বুলিও বহু লোকে ক'ব খোজে৷ এনেদৰে বনাঞ্চল ধ্বংসৰ জৰিয়তে নিজৰ লগতে মানুহে বিপদ মাতি আনিছে বন্যহস্তীলৈও।

খাদ্যৰ অভাৱত বনাঞ্চলৰ হাতী ওলাই আহিছে জনাঞ্চললৈ। জনাঞ্চলত মানুহৰ সৈতে সংঘাতত লিপ্ত হৈ অহাৰ মাজতে বনৰীয়া হাতীক খাদ্যৰ যোগান ধৰিছে টংলাৰ গৰুৱাঝাৰ ননৈ চেৰফাং প্ৰগতি ছ'চাইটিয়ে৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে সোমবাৰে পুৱা কেইবাখনো ট্ৰেক্টৰত কলগছ বনাঞ্চললৈ নি বন্যহস্তীৰ বাবে পেলাই থৈ আহে।