বিহালীঃ বিহালীৰ জিনজিয়াত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰে বাঘমৰা বিজেপিৰ যুৱ মৰ্চাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকি বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই বৃক্ষৰোপনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
বাঘমৰা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কাৰ্যসূচীত পুৱা সামুহিক চাফাই, বৃক্ষৰোপন, শুভেচ্ছা মুলক হস্তাক্ষৰৰ লগতে আজি বিয়লি ৰাধাগোৱিন্দ বৰুৱাৰ সোঁৱৰণীত ফুটবলপ্ৰতিযোগিতাৰ মাধ্যমেৰে উদযাপন কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন।