ডিজিটেল ডেস্কঃ যোৱা ২৮ ছেপ্তেম্বৰত প্ৰৱল বৰষুণৰ পৰা বাচিবলৈ গৈ ফুট ব্ৰীজত উঠি প্ৰাণ গৈছিল ২৩ জনকৈ লোকৰ৷ এই ঘটনা সংঘটিত হৈছিল দেশৰ প্ৰধান বাণিজ্যৰ চহৰ মুম্বাইত৷ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেছনত সংঘটিত ঘটনাৰ ফলত ৰেল ষ্টেছনত হুৱা-দুৱা লাগিছিল৷
মুম্বাইৰ এলিফেনষ্টোন ফুটব্ৰীজ খহি পৰি ২৩জনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ সংঘটিত হ’য় ফুট ব্ৰীজ খহি পৰাৰ ঘটনা৷ শনিবাৰে চাৰ্নি ৰোড ৰেল ষ্টেছনৰ এখন ফুট ব্ৰীজৰ এটি বৃহৎ অংশ খহি পৰে৷