গুৱাহাটীঃ চাওতে চাওতে আহি পালে হেঁপাহৰ ভোগালী। পিছে এইবাৰ ক’তোৱেই নাই ভোগালীৰ সেই প্ৰাণভৰা উছাহ। বিপৰীতে ভোগালী বিহু হৈ পৰিছে প্ৰতিবাদৰ আন এক নাম। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই অধিসূচনাৰ জৰিয়তে ১০ জানুৱাৰীৰ পৰা বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনখনক জাতিধ্বংসী আখ্যা দি প্ৰতিটো মেজিৰ জুইত উক্ত আইনখনৰ প্ৰতিলিপি দাহ কৰিবলৈ আহ্বান জনাইছে অসমবাসী ৰাইজক।
ছাত্ৰ সংগঠনটোৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ৰাইজে ‘কা’ৰ বিৰোধিতাৰে মেজি সজা দেখা গৈছে। ছাত্ৰ সংগঠনটোৱে আহ্বান জনোৱাৰ পূৰ্বেও বহু লোকে নিজাববীয়াকৈ মেজিৰ জৰিয়তে এনেদৰে ‘কা’ৰ বিৰোধিতা কৰিবলৈ যো-জা চলোৱাৰ বাতৰি বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে।