newsnextone.com | মৰিয়নীঃ বাংলাদেশী বিতাড়নৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত কেইবাটাও জাতীয় দল-সংগঠনে কেইবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে নিতৌ অসমক ধৰা পৰিব ধৰিছে বাংলাদেশৰ নাগৰিক৷ এইবাৰ উজনিৰ যোৰহাট জিলাত এজন বাংলাদেশী লোকক স্থানীয় ৰাইজে আবদ্ধ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহম্মদ ৰুবেল নামৰ সন্দেহজন বিদেশীজনক ইতিমধ্যে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷
জানিব পৰা মতে, সোমবাৰে নিশা যোৰহাট জিলাৰ মৰিয়নীৰ ভেলেউগুৰীত একাংশ লোকে এজন লোকক অনাই বনাই ঘুৰি থকা প্ৰত্যক্ষ কৰে৷ যুৱকজনক ঘুৰি ফুৰাত সন্দেহ উপজাত ৰাইজে আবদ্ধ কৰি সোধ-পোছ কৰে৷ ৰাইজে সোধপোছ কৰাত কিছুদিন পূৰ্বে বাংলাদেশৰ সীমান্ত পাৰ হৈ অহা বুলি স্বীকাৰ কৰে৷ ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত মৰিয়নী আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰে৷ দেবেৰাপাৰা আৰক্ষী চকীত যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷