নতুন দিল্লীঃ ২০১৭ চনৰ জুলাই মাহত তেতিয়াৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে সংসদক আশ্বাস দি কৈছিল যে সুদীৰ্ঘ ২৯ বছৰ পিছত নতুন বন নীতিৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই নীতিৰ লক্ষ্য হৈছে বৰ্তমান ঔদ্যোগিকৰণৰ স্বাৰ্থত বন সুৰক্ষাক দুৰ্বল কৰি তোলা নিয়ম-নীতিৰে ভৰপূৰ তিনিখন কেন্দ্ৰীয় বন আইন একত্ৰিত কৰা।
কিন্তু ২০১৭ চনতে সংসদত তেতিয়াৰ বন মন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি আজিও নতুন বন নীতি প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ল মোদী চৰকাৰ। সংবাদ সংস্থা ‘দ্য ৰিপ’ৰ্টাৰছ কালেকটিভ’-ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, চৰকাৰৰ জবাবদিহিতা নিৰ্ধাৰণ কৰা সংসদীয় কমিটী অন এশ্বুৰেন্সে দুবাৰকৈ বন নীতিৰ খচৰা প্ৰত্যাহাৰ কৰিবলগীয়া হোৱাৰ পিছত সংসদত দিয়া আশ্বাস প্ৰত্যাহাৰ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰাৰ বাবে মন্ত্ৰালয়ক তিৰস্কাৰ কৰিছিল। ২০১৬ আৰু ২০১৮ চনত নিৰীক্ষণৰ বাবে উত্থাপন কৰা নীতিৰ খচৰাসমূহে জনজাতীয় লোক আৰু বনাঞ্চলবাসীৰ অধিকাৰক আওকাণ কৰি বনাঞ্চলত উদ্যোগিক প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ বাবেও প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল।