newsnextone.com | কোকৰাঝাৰঃ দেওবাৰৰ পৰা ৰাজ্যজুৰি বন মহোৎসৱ পালন কৰা হয়৷ দেওবাৰৰ পৰা ৭ দিনীয়াকৈ আৰম্ভ হোৱা ৬৯ তম বন মহোৎসৱ উপলক্ষে উজনি-নামনিৰ বিভিন্ন প্ৰান্তত গছৰ পুলি বিতৰণ আৰু ৰোপন কৰা হয়৷ বন বিভাগ আৰু বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে বৃক্ষ বিতৰণ আৰু ৰোপন কৰাৰ লগতে সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী ৰূপায়ন কৰে৷ আনহাতে ৰাজ্য চৰকাৰে কামৰূপ গ্ৰাম্য জিলাৰ ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত বন মহোৎসৱ অনুষ্ঠিত কৰে। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলৰ বন মহোৎসৱ মুকলি কৰে।
৬৯তম বন মহোৎসৱ উপলক্ষে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদতো বৃক্ষৰোপন কৰা হয়৷ বৃক্ষৰোপন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে। বিটিচিৰ বন বিভাগ, ১৩৫ নং ইকো টাস্ক ফৰ্চ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ যৌথ উদ্যোগত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৬৯তম বন মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বিশ্ববিদ্যালয় চৌহদত গছপুলি ৰোপন কৰি প্ৰদুষণমুক্ত পৰিৱেশৰ কামনা কৰে।