নগাঁওঃ নগাঁও জিলা বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত অবৈধ কাঠমিল তথা কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে শুকুৰবাৰে জিলাখনৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ডুমডুমীয়া সাপ্তাহিক বজাৰত এখন কাঠৰ দোকানত অভিযান চলাই নগাঁও বন বিভাগৰ এটা দলে। দোকান খনত দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে কাঠ ৰাখি বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰি বন বিভাগে অভিযান চলাই৷
জানিব পৰা মতে, নগাঁও জিলাৰ বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া নেপাল মণ্ডল আৰু সম্পূৰ্ণা দাস বৰাৰ নেতৃত্বত নগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ বনকৰ্মী, বটদ্ৰৱা আৰক্ষী আৰু ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ এটি ২০ জনীয়া দলে শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত অভিযান চলাই অবৈধ কাঠৰ দোকানত মজুত কৰি ৰখা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।