চামগুৰি/বঢ়মপুৰঃ বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিান অব্যাহত ৰাখিছে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো অব্যাহত ৰাখিছে এই অভিান৷ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত হৈ থকাৰ সময়তে চামগুৰিৰ কাৱৈমাৰী আৰু শিৱস্থানত বন বিভাগৰ এটা দলে মঙলবাৰে ব্যাপক অভিযান চলাই দুটাকৈ অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, বন বিভাগৰ দলটোৱে কাৱৈমাৰীত অভিযান চলায় ৰুফুল আলী নামৰ ব্যক্তি জনৰ অবৈধ কাঠ মিল জব্দ কৰাৰ লগতে শিৱস্থানৰ হাছেন আলী নামৰ ব্যক্তি জনৰ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌত দুপৰীয়া বন বিভাগৰ এটা দলে এখন অবৈধভাৱে বালি কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷