ধুবুৰীঃ ধুবুৰী জিলাত কেইবাগৰাকী ৰেলৱে ঠিকাদাৰৰ বিৰুদ্ধে বন ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কোটি কোটি টকাৰ ঠিকা লাভ কৰে ঠিকাদাৰে ৰেল পথ নিৰ্মাণৰ নামত পাহাৰ, সমতল ভূমি, খেতি পথাৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন হয়৷ একাংশ ঠিকাদাৰ নিজ খেয়াল খুচি মতে চৰকাৰী-বেচৰকাৰী ভূমি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷
ধুবুৰীৰ বিভিন্ন এলেকাত ১০-১২ ফুট পৰ্যন্ত দ’কৈ একো একো খন পথাৰ খান্দি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় বিজেপি চৰকাৰখনে ৰাজ্যবাসীক প্ৰদান কৰা দুৰ্নীতি মুক্ত ৰাজ্য গঢ়াৰ লগতে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে৷ সেউজীয়া পাহাৰ, গছ-গছনি, খেতি-পথাৰ এফালৰ পৰা ধ্বংস কৰি চলাই আছে ৰেল পথৰ নিৰ্মাণৰ কাৰ্য৷