Home ৰাজ্যবনমন্ত্ৰীৰ গৃহ সমষ্টিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

বনমন্ত্ৰীৰ গৃহ সমষ্টিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

by News Desk
A+A-
Reset
kunda

কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাত অব্যাহত আছে বন ধ্বংস অভিযান। যোৱা মঙলবাৰে জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী তথা হল্টুগাঁও বন সংমণ্ডল অধীনৰ ঝাৰবাৰীৰ ৰৌন নগৰত বনবিভাগে বৃহৎ সংখ্যক অবৈধ শালকাঠ জব্দ কৰাৰ পিছত আজি পুনৰাই বনমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী আৰু বনবিভাগে যৌথ অভিযান চলায়। অভিযান কালত বৃহৎ সংখ্যক কাঠ জব্দ কৰাৰ লগতে এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰা ঘটনাই বনমন্ত্ৰীৰ সমষ্টিতে যে অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলি আছে সেয়াই প্ৰমাণ কৰিছে।

প্ৰাপ্ত বাতৰি অনুসৰি বনমন্ত্ৰীৰ গৃহ সমষ্টিত তথা বালাজান আৰক্ষী চকীৰ অন্তৰ্গত মধ্য কালুগাঁওত চোৰাং কাঠ সৰবৰাহকাৰীৰ এটা চক্ৰই অবৈধ কাঠফলা মিল স্থাপন কৰি দীৰ্ঘদিনৰ পৰাই অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । বনবিভাগৰ চকুৰ সন্মুখতে উক্ত অবৈধ কাঠফলা মিলটো চলি আছিল যদিও ৰহস্যজনক কাৰণত ইমানদিনে বনবিভাগে সেয়া উচ্ছেদ কৰা নাছিল । কিন্তু আজি বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ দল এটাই মধ্য কালুগাঁওত থকা উক্ত অবৈধ মিলটো উচ্ছেদ কৰাৰ উপৰিও বৃহৎ সংখ্যক কাঠ জব্দ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0