58
ডিজিটেল ডেস্কঃ অসমৰ বনমন্ত্ৰীগৰাকীকে বন বিভাগৰ বেনাৰৰ পৰা আঁতৰালে বনবিভাগে । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লগোৱা বেনাৰত পৰিৱেশ দিৱসৰ শুভেচ্ছা যাঁচি হাঁহি মুখীয়া মুখ্যমন্ত্ৰীৰ ফটোৰ কাষত দেখা নগ’ল বন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ।
বন বিভাগৰ বেনাৰ-হৰ্ডিঙত বনমন্ত্ৰীগৰাকীৰ ফটো নাথাকি কেৱল মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো থকাটোৱে কৌতুহলী কৰি তুলিছে সকলোকে। ৰঙিয়াত ৰাস্তাই-ঘাটে লাগিছে এই বেনাৰ আৰু হৰ্ডিং।