কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ গৃহ জিলাতে অব্যাহত আছে ব্যাপক বন ধ্বংস অভিযান। কোকৰাঝাৰ সদৰ চহৰস্থিত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসভৱনৰ পৰা ১৫-২০ কিলোমিটাৰ দূৰত্বৰ নায়েকগাঁও ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখতে আৰম্ভ হোৱা ব্যাপক বন ধ্বংস অভিযান ৰোধ কৰিবলৈ বিভাগীয়ভাৱে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ই-মেইল বাৰ্তা প্ৰেৰণ কৰিছে।

♦ সংকটত বিলুপ্তপ্ৰায় সোণালী বান্দৰ

♦ বনমন্ত্ৰীৰ গৃহ জিলাত ভয়াৱহ বন ধ্বংস অভিযান

♦ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা অনুসন্ধানৰ দাবী

ৰাজ্যৰ বনবিভাগৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যাালয়লৈ বন ধ্বংস ৰোধ কৰিবলৈ ই-মেইল বাৰ্তা প্ৰেৰণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদেৰে অতি চহকী নায়েকগাঁও বনাঞ্চল সম্প্ৰতি চোৰাং বন মাফিয়াৰ কবলত পৰি প্ৰায় ধ্বংসৰ অন্তিম ক্ষণত উপনীত হৈছে।

অভয়া ৰাবাৰ বাগানৰ উত্তৰপিনে থকা বনাঞ্চলৰ শালগছসমূহ দুষ্কৃতিকাৰীয়ে ইতিমধ্যে কাটি শেষ কৰাৰ পিছত এইবাৰ নায়েকগাঁও ৰেঞ্জ অফিচৰ সন্মুখতে বন ধ্বংস অভিযান আৰম্ভ কৰে। দিনে-নিশাই চোৰাং কাঠ মাফিয়াই শালগছসমুহ হাজিৰা লগাই কাটি কাৰ্যালয়ৰ সন্মুখেৰে তথা কোকৰাঝাৰ -বহলপুৰ গড়কাপ্তানি পথেৰে সৰবৰাহ কৰি আছে যদিও ৰহস্যজনকভাৱে বন বিভাগে চোৰাং কাঠ সৰবৰাহকাৰীক কোনো ধৰণৰ বাধা প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

দিনে নিশাই চোৰাং কাঠ সৰবৰাহকাৰীসকলে মুকলিভাৱেই কাঠ সৰবৰাহ কৰি আছে যদিও আশ্চৰ্যজনকভাৱে বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত নিমজ্জিত হৈ আছে। বন বিভাগৰ এনে ৰহস্যজনক নিষ্ক্ৰিয়তাত চোৰাং কাঠ সৰবৰাহকাৰীৰ সতে বৃহৎ অংকৰ গোপন লেন-দেন হোৱা বুলি প্ৰকৃতিপ্ৰেমীসকলে সন্দেহ ব্যক্ত কৰিছে।

বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ নিজ বাসভৱনৰ পৰা মাথো ১৫-২০ কিলোমিটাৰ দূৰত্বৰ নিলগৰ নায়েকগাঁওত অবাধ হাৰত বন ধ্বংসই বনমন্ত্ৰীৰ ব্যৰ্থতাকে সূচাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। প্ৰকৃতিপ্ৰেমীৰ একাংশই বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ  বহুবাৰ হল্টুগাঁও বন সাংমণ্ডলিক বিষয়া, মুখ্য বন সংৰক্ষক আনকি কোকৰাঝাৰ জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকক আৱেদন-নিৱেদন  জনাই আহিছে যদিও কোনো ফল নধৰাত অৱশেষত বিবেক ব্ৰহ্ম নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে বন ধ্বংস ৰোধ কৰাৰ স্বাৰ্থতে বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰানালয়ৈ ই-মেইল যোগে এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰধানমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰনালয়লৈ ই- মেইলযোগে প্ৰেৰণ কৰা অভিযোগপত্ৰত প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই উল্লেখ কৰা মতে জৈৱ বৈচিত্ৰতা আৰু প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাজ্যৰ বনাঞ্চলত বেদখল, অবৈধভাৱে বনাঞ্চলৰ গছ  কটা আৰু চোৰাং ব্যৱসায় কৰা, বন্যপ্ৰাণী হত্যা তথা চিকাৰ কৰা আদি অনৈতিক কাৰ্যকলাপ বন বিভাগৰ নিষ্কিয়তাতে অান ৰাজ্যৰ তুলনাত অসমত সাংঘাতিকভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ প্ৰকাশেৰে বিবেক ব্ৰহ্মই বনমন্ত্ৰীৰ গৃহ জিলা-সমষ্টিতে বন ধ্বংসৰ এক উদাহৰণ দাঙি ধৰিছে।

অভিযোগ পত্ৰত বিবেক ব্ৰহ্মই উল্লেখ কৰা মতে কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বন সংমণ্ডলৰ অধীনৰ নাদাংগিৰি সংৰক্ষিত বনাঞ্চল আৰু চক্ৰশীলা অভয়াৰণ্যত সম্প্ৰতি বন ধ্বংস অবাধ হাৰত চলি আছে। বনবিভাগক বহু অভিযোগ দিয়া সত্বেও কোনো কাৰ্যব্যৱস্থা গ্ৰহন নকৰাত ৰাজ্য চৰকাৰৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা অনুসন্ধান কৰি বিহিত কাৰ্যব্যৱস্থা লবলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই।

উক্ত অঞ্চলৰ বনাঞ্চল ধ্বংসত গোলাম মোস্তাফা শ্বেখ জড়িত থকা বুলি উল্লেখ কৰি দিন দুপৰতে কোকৰাঝাৰ বহলপুৰ গড়কাপ্তানি পথেৰে চোৰাং কাঠ সৰবৰাহ কৰে যদিও বন বিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহন নকৰে বুলি উল্লেখ কৰিছে । অভিযোগ পত্ৰত চোৰাং কাৰবাৰী আৰু  বন বিষয়াৰ মাজত ধনৰ লেনদেন হোৱা বুলি উল্লেখ কৰি অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহনৰ আকুল আহ্বান জনাইছে বিবেক ব্ৰহ্মই। বিভিন্ন সূত্ৰই  চোৰাং কাৰবাৰীৰ হাতত অবৈধ অস্ত্ৰ থকা বুলি সত্যতা প্ৰতিপন্ন কৰিছে আৰু যিটো অতি ভয়াৱহ বুলি চিহ্নিত হৈছে বুলি অভিযোগ পত্ৰত উল্লেখ কৰি ৰেড ডাটা বুকত স্থান পোৱা বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ একমাত্ৰ আৱাসভূমিক ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই প্ৰধানমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰনালয়ক টানি অনুৰোধ জনাইছে।

উল্লেখ্য যে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা আইইউচিএনৰ ৰেড ডাটা বুকত ২০০৮ চনত লিপিবদ্ধ হোৱা সোণালী বান্দৰ পৃথিৱীৰ ভিতৰত অকল ভূটানৰ নামনি অঞ্চল ,দক্ষিণে ব্ৰহ্মপুত্ৰ, পুৱে মানাহ নৈ আৰু পশ্চিমে সোণকোষৰ মাজতে সীমাবদ্ধ । নাদাংগিৰি সংৰক্ষিত বনাঞ্চল প্ৰায় ধ্বংস হোৱাৰ পিছত সোণালী বান্দৰ কেইটা বৰ্তমান চক্ৰশীলা অভয়াৰণ্য আৰু ব্যক্তিগত খণ্ডৰ অভয়া ৰবৰ বাগানতে সীমাবদ্ধ হৈ আছে।

চক্ৰশীলা অভয়াৰণ্যতো চোৰাং কাৰবাৰীৰ দৌৰাত্ম বৃদ্ধি হোৱাত তথা সোণালী বান্দৰৰ খাদ্য ক্ৰমে বনআম , জিয়া ,অমৰা, চতিয়না ,ভাতঘীলা, শিমলু , কাঠআলু , সোণাৰু ,শিলিখা, বেহেৰা ,তেঁতেলি , ঔটেঙা , বাঘনলা , বগীপমা , আমলখি আদি গছৰ সংখ্যা বনাঞ্চলত দ্ৰুতগতিত কমি অহাত সোণালী বান্দৰৰ কেবাটাও জাক ব্যাক্তিগত খণ্ডৰ অভয়া ৰবৰ বাগানত আশ্ৰয় লৈ ৰবৰ গছৰ কুমুলীয়া ডাল পাত খাই জীৱন ধাৰণ কৰি আছে।

লেটেক্স সমৃদ্ধ ৰবৰ গছৰ পাত খোৱাটো সোণালী বান্দৰৰ বাবে ক্ষতিকাৰক নেকি সেয়া আন এক গৱেষণাৰ বিষয় যদিও একমাত্ৰ সোণালী বান্দৰৰ ভৱিষ্যতৰ কথা ভাৱিয়ে অভয়া ৰবৰ বাগানৰ মালিক তথা ৰাণী অভয়েশ্বৰীৰ বংশধৰ কবিন্দ্ৰ নাৰায়ন দেৱে প্ৰায় ৮০০ হেক্টৰ ভূমিৰ ৰবৰ বাগানৰ লগতে দাঁতি কাষৰীয়া বনাঞ্চল সমুহো সংৰক্ষণ কৰি আহিছিল। উক্ত মহান কাৰ্যৰ সতে জড়িত কবিন্দ্ৰ নাৰায়ন দেৱক ৰাজ্যৰ বনবিভাগে পুৰষ্কৃত কৰাৰ সলনি ২০১৫ চনৰ পৰা বন বিভাগে চাপ দিয়া আৰম্ভ কৰে।

জীৱনৰ অৰ্ধাংশ বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাৰ বাবে সংগ্ৰাম কৰা কবিন্দ্ৰ নাৰায়ন দেৱৰ কৰ্মচাৰী সকলক উক্ত এলেকাত টহল দিয়াটো বন বিভাগে বন্ধ কৰি দিয়ে আৰু তাৰপিছতে আৰম্ভ হয় বন ধ্বংস অভিযান যি কথা প্ৰধানমন্ত্ৰীলৈ লিখা অভিযোগপত্ৰত সৱিস্তাৰে প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই উল্লেখ কৰিছে। বনমন্ত্ৰীৰ গৃহ জিলাতে বনাঞ্চল ধ্বংস যজ্ঞ অভিযানৰ এনে বাতৰি লাভ কৰি অৱশেষত কালি বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিটিচিৰ বন বিভাগৰ দায়িত্বত থকা খাম্পা বৰগয়াৰীয়ে নায়েকগাঁৱত উপস্থিত হৈ প্ৰকৃত অৱস্থাৰ বুজ লয়। খাম্পা বৰগয়াৰীয়ে বনাঞ্চল ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে।

আনহাতে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই চাৰিমাহমান পূৰ্বে উক্ত এলেকা পৰিভ্ৰমণ কৰি সংবাদমাধ্যমৰ আগত উদাত্ত কণ্ঠে বনাঞ্চল ৰক্ষা আৰু চোৰাং কাৰবাৰীক প্ৰতিহত কৰা হুংকাৰ দিছিল যদিও সেয়া তিলমানো কাৰ্যকাৰী হোৱা নাই। বৰং বনাঞ্চলৰ যি ঠাইত থিয় হৈ বনমন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত বৰ বৰ ঘোষণা  কৰিছিল তাৰ পৈণত শাল কাঠসমুহো চোৰাং কাৰবাৰীয়ে কাটি লৈ গ'ল বুলি একাংশ প্ৰকৃতিপ্ৰেমীয়ে অভিযোগ উত্থাপন কৰিছে।

প্ৰকৃতিপ্ৰেমী বিবেক ব্ৰহ্মই আজি সদৰী কৰা মতে তেওঁৰ অভিযোগ ইতিমধ্যেই পঞ্জীয়ন হৈছে আৰু শীঘ্ৰেই ধনাত্মক ফলাফল লাভ কৰিব বুলি আশাবাদী বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰাজ্যৰ বন বিভাগৰ ব্যৰ্থতাৰ বিৱৰণ লিখি প্ৰধানমন্ত্ৰীক অভিযোগ পত্ৰৰে বনাঞ্চল, জৈৱ বৈচিত্ৰতা আৰু প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমীয়ে আহ্বান জনোৱা কাৰ্যই প্ৰকৃততে বন বিভাগৰ ব্যৰ্থতাকে প্ৰকাশ পাইছে বুলি চৰ্চা অব্যাহত আছে।