মৰিগাঁওঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন দস্যুৰে কোনো আপোচ কৰা নহ'ব বুলি নিতৌ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি থকাৰ সময়তেই মৰিগাওঁ জিলাত দেখা গৈছে এখন বিপৰীত ছবি। জিলাখনত এচাম বালি মাফিয়াই বনমন্ত্ৰীৰে সু-সম্পৰ্কৰ দোহাই দি তাণ্ডৱ চলাই থকাৰ অভিযোগ উথাপিত হৈছে।

স্বয়ং এগৰাকী বন বিষয়াই আৰক্ষীক দিয়া এজাহাৰত এই কথা প্ৰকাশ পোৱাৰ পিছত বিভাগটোৰ ভিতৰে-বাহিৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে,বন বিভাগৰ ৰহস্যজনক নিৰ্লিপ্ততাৰ সুযোগ লৈ আহতগুৰি, পলাশগুৰি, আমচৈ, ভকত গাওঁ, কদমতলি, মণিপুৰটুপকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত এচাম বালি মাফিয়াই বিগত কেইবামাহ ধৰি তাণ্ডৱ চলাই আহিছে।

বিশেষকৈ ধৰমতুল বনঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ এলেকাত এই মাফিয়াৰ কাৰ্যকালাপ দুগুণে চ’ৰা পৰিলক্ষিত হৈছে। এই মাফিয়াবোৰে প্ৰশাসন আৰু বন বিভাগৰ আস্তিত্বক ভেঙুচালি কৰি কলং, কপিলী আৰু কিলিং নদীৰ পৰা মেচিন লগাই নিৰ্বিঘ্নে বালি খনন কৰি আহিছে। ইয়াৰ ফলত চৰকাৰখনে ব্যাপক হাৰত ৰাজহ হেৰুৱাৰ বিপৰীতে এচাম ধুৰন্ধৰ বিষয়া-কৰ্মচাৰীয়ে বালি মাফিয়াৰ পৰা লাভ কৰা নিয়মীয়া কমিছন লাভ কৰি থকা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে।

কোনো লোকে বালি মাফিয়াৰ এনে ঘটনাৰ প্ৰতিবাদ কৰিলে বালি মাফিয়াবোৰে নিজকে বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ আত্মীয় বুলি চিনাকি দি নানান ভয়-ভাবুকি প্ৰদান কৰে। এই সন্দৰ্ভত শেহতীয়াকৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰাৰ পিছত বন বিভাগে এই মাফিয়াবোৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ এক নাটক ৰচে যদিও বৰ্তমানেও এই মাফিয়াবোৰৰ তাণ্ডৱ অব্যাহত আছে।

ইফালে নখোলা খণ্ড বন বিষয়া দুলাল চন্দ্ৰ বৰাই বালি মাফিয়াৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধনেশ্বৰ ৰাভা নামৰ লোক এজনে বনমন্ত্ৰীৰ গইনা লৈ সীতা জখলা অঞ্চলত কিলিং নৈত অবৈধভাৱে বালি খনন কৰি থকা বুলি বিভাগীয়ভাৱে প্ৰদান কৰা এজাহাৰ খনত (পত্ৰ নং-ন-খোলা/ ৪৩(এজাহাৰ)/ ২০১৭/১০৮.০৯) স্পষ্টকৈ উল্লেখ কৰাৰ পিছতেই এই চাঞ্চল্যৰ সৃষ্টি হৈছে।

সচেতন মহলে এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে সু শাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰখনক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

♦ কৃষক নেতাক বনমাফিয়াৰ ভাবুকি

মৰিগাওঁ জিলাৰ একাংশ বালি মাফিয়াৰে বনমন্ত্ৰীৰ সম্পৰ্কৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে বালি মাফিয়াৰ কাৰ্যৰ প্ৰতিবাদ কৰা বাবে মৰিগাওঁ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বদন শৰ্মাক একাংশ বালি মাফিয়াই হত্যা কৰি তেওঁৰ শিৰ কিলিং-কপিলীত পেলাই দিব বুলি ভাবুকি দিয়ে। এই সন্দৰ্ভত শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত জাগীৰোড থানাই ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত ১৯২/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰিছে।