কামপুৰঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ সমাজৰ প্ৰতিগৰাকী লোকে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছে৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব বিচাৰোঁ জন্মভূমিক৷ বিশেষকৈ সমাজ খনক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে একাংশ লোকে৷ 

সমাজত ভাল কাম কৰা মানুহ বহু আছে৷ হয়তো ভাল কাম কৰা মানুহবোৰে প্ৰচাৰ আৰু প্ৰসাৰ নিবিচাৰে৷ নীতিগতভাৱে আত্ম-বিশ্বাসেৰে কাম কৰা মানুহক হয়তো প্ৰচাৰৰ প্ৰয়োজনো নাথাকে৷ দেশৰ-দহৰ হকে কাম কৰা মানুহ, সংস্থা আমাৰ ৰাজ্যত অলেখ আছে৷ কোনোৱে দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীক পঢ়ুৱাইছে, আন কোনোৱে বিনামুলীয়াকৈ কাৰোবাৰ সন্তানক চিকিৎসা কৰিছে৷

কোনোৱে যদি দুখীয়াক অন্ন-বস্ত্ৰ, গৃহ সজাই দিছে আন কোনোৱে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ তাৰ মাজতে গোলকীয় উষ্ণতা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে একাংশ বন বিভাগৰ লোকে৷ তেওঁলোকে বুজি পাইছে পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা।

পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নগাঁও জিলা বন বিভাগে কামপুৰত আৰম্ভ কৰিছে বৃক্ষৰোপন অভিযান৷

সমগ্ৰ কামপুৰ খনকে সেউজ কৰাৰ সপোন বুকুত বান্ধি পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে৷ কামপুৰক সেউজীয়া কৰা আৰু গোলকীয় উষ্ণতা ৰোধৰ বাবে ওলাই আহিছে বন বিভাগৰ বহু লোক৷ কামপুৰৰ অলিয়ে-গলিয়ে ৰোপন কৰিছে গছপুলি৷ সমগ্ৰ কামপুৰ খনকে সেউজ কৰাৰ সপোন বুকুত বান্ধি বৃক্ষৰোপন কাৰ্যসূচী হাতত লৈছে বন বিভাগৰ লোকসকলে।

কালক্ৰমত টকলা হোৱা পাহাৰ সমূহ সেউজীয়া কৰাৰ বাবে ৰোপন কৰি গৈছে হাজাৰ হাজাৰ গছপুলি৷ বনবিভাগে কামপুৰত গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে ৰাইজে শলাগ লৈছে। বিভিন্ন কাৰণত টকলা হৈ পৰা লুটুমাৰী কান্দাপাৰা পাহাৰৰ লগতে পাহাৰৰ দাঁতিত বন বিভাগে ৰোপন কৰি আছে ৬৫ হাজাৰ গছপুলি। 

নগাঁও জিলাৰ বন বিভাগৰ উদ্যোগত আৰু কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ সহযোগত বৃক্ষৰোপন কাৰ্যসূচী প্ৰতিদিনে চলি আছে৷ উল্লেখ্য যে, হাজাৰ হাজাৰ বিঘা ভূমি বে-দখলকাৰীয়ে দখল কৰা ভূমি বন বিভাগে উদ্ধাৰ কৰি প্ৰায় পোন্ধৰ হেক্টৰ ভূমিত বৃক্ষ ৰোপন কৰা হৈছে বুলি জানিবলৈ দিয়ে নগাওঁ জিলা বন বিষয়া সুভাশিষ দাসে। 


উল্লেখ্য যে, প্ৰতিদিনে বন ধ্বংস ৰোধ কৰিব নোৱাৰি বুলি গালি খোৱা তথা সমালোচনাৰ সন্মুখিন হোৱা বন বিভাগৰ একাংশ লোকে যে প্ৰকৃততে বন ধ্বংস ৰোধ কৰিব বিচাৰে এই কাৰ্যৰ দ্বাৰা তাকেই প্ৰমাণ কৰে৷