newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা যশৱান্ত সিনহাই শনিবাৰে এটি টুইট কৰি তেওঁৰ পুত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই ঝৰখাণ্ডৰ গো ৰক্ষাৰ নামত এগৰাকী লোকৰ হত্যাকাণ্ডৰ সৈতে জৰিত দোষীক ফুলৰ মালা পিন্ধোৱা কাৰ্যত সুখী নহয় বুলি কয়৷ এই কাৰ্যৰ সৈতে কানো সম্পৰ্ক নাই বুলিও কয় যশৱান্ত সিনহাই৷ 

টুইট কৰি যশৱান্ত সিনহাই কয় ‘‘প্ৰথমে মই যোগ্য পুত্ৰৰ অযোগ্য পিতৃ আছিলোঁ৷ কিন্তু ভূমিকা সলনি হ’ল৷ এতিয়া টুইটাৰত মানুহে এনেদৰে কব ধৰিছে৷ মই মোৰ পুত্ৰৰ সিদ্ধান্তৰ সৈতে কোনো সম্পৰ্ক নাৰোখো৷ মই জানো ইয়াৰ পিছতো টুইটাৰত অপমান হম৷ আপুনি কেতিয়াও বিজয়ী হ’ব নোৱাৰা৷’’ এই টুইট কিছু সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে৷

জানিব পৰা মতে, পুত্ৰ জয়ন্ত সিনহাই গো ৰক্ষাৰ নামত এগৰাকী মুছলমান লোকক হত্যা কৰা ৮গৰাকী লোকক ফুলৰ মালা পিন্ধোৱা কাৰ্যক সমৰ্থন কৰা নাই পিতৃ যশৱান্ত সিনহাই৷ ইয়াৰে লগে লগে টুইটাৰত একাংশ লোকে যশৱান্ত সিনহাক পুত্ৰই হত্যাকাণ্ডৰ দোষীক ফুলৰ মালা পিন্ধোৱা ঘটনাৰ পিছতে আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তাৰ পিছতে এনেদৰে উত্তৰ দিয়ে যশৱান্ত সিনহাই৷ 

উল্লেখ্য যে, গো ৰক্ষাৰ নামত এগৰাকী মুছলমান লোকক হত্যা কৰা ৮গৰাকী লোকক কেন্দ্ৰীয় মন্ত্ৰী, যশৱান্ত সিনহাৰ পুত্ৰ জয়ন্ত সিনহাই ফুলৰ মালা পিন্ধোৱা কাৰ্যত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জামিনত মুক্তি লাভ কৰি ঘৰলৈ অহা কেইবাজনো গো ৰক্ষাৰ নামত হত্যাকাণ্ড সংঘটিত কৰা লোকক কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই মালা পিন্ধাই৷ 

বিগত বছৰৰ ২৭ জানুৱাৰীত ঝৰখাণ্ডাৰ হাজিৰাবাগ জিলাৰ ৰামগড়ত কেইগৰাকীমান লোকে আলিমুদ্দিন আনছাৰী নামৰ এগৰাকী গৰু ব্যৱসায়ীক দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ দীৰ্ঘ শুনানিৰ অন্তত চলিত বৰ্ষৰ ২১ মাৰ্চত ১১গৰাকী লোকক যাবজ্জীৱন কাৰাদণ্ড বিহিছিল বিশেষ আদালতে৷ 

১১গৰাকী লোকক পুনৰ জামিনৰ বাবে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰা হয়৷ যোৱা ২৯ জুনত ৮ জন লোকৰ জামিন প্ৰদান কৰে ঝাৰখাণ্ড উচ্চ ন্যায়ালয়ে৷ তাৰ পিছতে হাজিৰাবাগ লোকসভা সমষ্টিৰ সাংসদ হ’ল জয়ন্ত সিনহা৷ জয়ন্ত সিনহাই ৮ জন দোষীক এখন সভাৰ জৰিয়তে ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা যাচে৷ 

বৃহস্পতিবাৰে জয় প্ৰকাশ নাৰায়ণ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আটাইকেইজন গো হত্যাৰ দোষীয়ে কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিছতে জয়ন্ত সিনহাৰ আবাসলৈ যায়৷ আবাসত শতাধিক লোকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় আৰু তাত ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা যাচে৷ 

৮ জনৰ দোষীৰ ভিতৰত এগৰাকী বিজেপিৰ জিলাৰ সভাপতি অমৰদ্বীপ যাদবও আছে৷ ঝাৰখাণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে এয়া আচৰিত কাণ্ড বুলি কয়৷ এটা বিতৰ্কিত বিষয়ত অভিযুক্ত বিষয়ত এই নীতি উচিত নহয় বুলি কয়৷ আনহাতে বিজেপিয়ে অশান্তি বিয়পাবৰ বাবে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷