newsnextone.com | ৰঙিয়াঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ নাম বাদ পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। তাৰ লগে লগে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা এটা বিশেষ পৰিয়ালৰ নাম বাদ পৰাত চকু কঁপালত উঠিছে ৰাইজৰ।

 চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে দেশৰ প্ৰাক্তন প্ৰথম নাগৰিকৰ পৰিয়ালৰ সদস্যই। ভাৰতৰ প্ৰাক্তন প্ৰথম নাগৰিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ ভাতৃ প্ৰয়াত এহত্ৰামউদ্দিন আলী আহমেদৰ পৰিয়ালে একমাত্ৰ নথি পত্ৰৰ অভাৱত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পাৰ নাম বাদ পৰি ৰোৱা বুলি জানিব পৰা গৈছে।

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়ালে জনোৱা মতে, ৰঙিয়া সমষ্টিৰ অন্তৰ্গত জয়ন্তীপুৰ পঞ্চায়তৰ কলমনিৰ বঢ়মপুৰ নিবাসী প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ ভতিজা জিয়াউদ্দিন আলী আহমেদৰ লগতে তেওঁৰ পৰিয়ালৰ  চাৰিগৰাকী সদস্যৰ কোনো এগৰাকীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱা নাই।

উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজা জিয়াউদ্দিন আহমেদ তেওঁৰ পত্নী  আকিমা বেগম আৰু দুই পুত্ৰ হবিব আলী আহমেদ আৰু ওৱাজেদ আলী আহমেদে একে লগে দীৰ্ঘদিন ধৰি ৰঙিয়াৰ সমীপৰ কলমনিত বসবাস কৰি আছে। তেওঁলোকে নাগৰিকপঞ্জীৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ বিশেষকৈ লিগেচী ডাটা বিচাৰি তেওঁলোকৰ পৰিয়ালৰ সদস্য থকা ঠাই সমূহ বিশেষ কৈ বৰপেটা, গোৱালপাৰা, অভয়াপুৰি আনকি ৰঙিয়াতোঁ বিচাৰি নাপালে। নথিপত্ৰ উলিয়াব নোৱাৰাত বিফল হৈ আবেদন কৰাৰ পৰা বিৰত থাকিব লগীয়া হয়।