দক্ষিণ শালমাৰাঃ নামনি অসমৰ ধুবুৰীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত ‘দুৰ্নীতিৰ দৰ্পণ’ৰ শুকুৰবাৰে তৃতীয় বৰ্ষপূৰ্তি পালন কৰা হয়৷

ধুবুৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, ৰেহেনা চুলতানা, কাকতৰ সম্পাদক উপস্থিত থাকে৷ সভাত কাকত কৰ্তৃপক্ষই "দিলীপ চক্ৰৱৰ্তী স্মৃতি" বঁটা প্ৰদান কৰে।

'দুৰ্নীতি দৰ্পণ' কাকতৰ তৃতীয় বৰ্ষপূতি অনুষ্ঠান উপলক্ষে আয়োজিত ধুবুৰীৰ সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী ধুবুৰীৰ পৰা প্ৰকাশিত গণ চাবুক কাকতৰ সম্পাদক আছিল। একেৰাহে কবি, সাহিত্যিকগৰাকীক ‘দুৰ্নীতিৰ দৰ্পণ’ৰ কাকতৰ প্ৰতিষ্ঠা দিৱসত স্মৰণ কৰে ধুবুৰীৰ সাংবাদিসকলে৷