নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জামুগুৰিত বিগত বৰ্ষত স্থাপন হৈছিল একন বিদ্যালয়৷ কেইজনমান শিক্ষানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰথম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বেছ উলহ-মালহেৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়৷ এই মৰ্মে শিক্ষানুষ্ঠানৰ চৌহদত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাবক তথা শুভাকাংক্ষীসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি নীলমণি কাকতিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু একাডেমীৰ অধ্যক্ষ পংকজ সুতে পতাকা উত্তোলন কৰাৰ পিছতেই এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বীৰেণ মহন্তই৷ পুৱা ১১ বজাৰ পৰা প্ৰবীন শিল্পী গম্ভীৰ নাথৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷