74
ডিমাকুছীঃ অহা ১৮, ১৯, ২০, আৰু ২১ জানুৱাৰীত ওদালগুৰি জিলাৰ টংলাৰ সমীপৰ খোখাবস্তী-ভোলাখাচত অনুষ্ঠিত হ’ব ১৫তম আদিবাসী মহাসভা৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া আদিবাসী মহাসভাৰ শুকুৰবাৰে আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ নাগ, জিলা সমিতিৰ যুটীয়া সম্পাদক লক্ষীন্দৰ মুলা, কাৰ্যালয় সম্পাদক তিলক ৰৌচন বাৰাকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়।