newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিৰ নাৰেপ তিমুং গাঁৱত দেওবাৰে শ্ৰীশ্ৰী প্ৰভু জগন্নাথ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে নাগালেণ্ডৰ ৰাজ্যপাল পিবি আচাৰ্যই৷
পুৱা ১১ বজাত নগালেণ্ডৰ ৰাজ্যপাল পিবি আচাৰ্য আৰু তেওঁৰ পত্নী কবিতা আচাৰ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্দিৰৰ আধাৰশিলা স্থাপন কৰে৷ শ্ৰীশ্ৰী জগন্নাথ সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত মন্দিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম’মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য লংকি তিমুং আৰু পবিত্ৰ ৰংপি, কাৰ্বি আংলং তথা চুবুৰীয়া ৰাজ্য নগালেণ্ড সেৱা সমিতিৰ সভাপতিসকলৰ লগতে পাঁচ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে৷