HBStwitter
HBStwitter

newsnextone.com | চৰাইদেউঃ সোমবাৰে পুৱাই এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ লগে লগে ৰাজ্যৰ সৰ্বপ্ৰকাৰৰ লোক ব্যস্ত হৈ পৰিছিল এনআৰচিৰ খবৰক লৈ। ৰাজনেতাৰ পৰা শাসক-বিৰোধী সকলো ব্যস্ত হৈ পৰিছিল এনআৰচিৰ খচৰাক লৈ। কিন্তু অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত আছিল উজনিৰ অসমত আধাৰশিলা স্থাপনত।  

উজনিৰ চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ক জিলা চিকিৎসালয়লৈ উন্নীতকৰণৰ কামৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয় খনক জিলা চিকিৎসালয়লৈ উন্নীত কৰাই নহয় ২০০ খন বিছনাযুক্ত কৰাৰ ঘোষণা কৰে। ১৯.১৫ কোটি টকা চিকিৎসালয় খনৰ প্ৰকল্প ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। 

তাৰোপৰি সোণাৰি সমষ্টিৰ উন্নয়নৰ বাবে ৫০ কোটি টকা বিশেষ পেকেজ ঘোষণা কৰি সোণাৰি সমষ্টিৰ ৫৩ খন চাহ বাগিচাত ১ কোটি টকাৰ পথ নিৰ্মাণৰ বাবে আগবঢ়াব বুলি কয়। জিলাখনত জিলা পুথিভঁৰাল আৰু ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাত কেন্সাৰ চিকিৎসালয়ৰ স্থাপনৰ ব্যৱস্থাও কৰিব বুলি কৈ ৬০ বছৰৰ সকলো বৃদ্ধক পেন্সনৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে ১ চেপ্তেম্বৰৰ পৰা আশা কৰ্মীসকলৰ ১০০০ টকাকৈ মাহিলি দৰমহা বৃদ্ধি কৰা, আয়ুষ্মান আঁচনিৰ জৰিয়তে ৫ লাখ টকাকৈ দৰিদ্ৰ পৰিয়ালৰ লোকৰ বাবে ব্যৱস্থা কৰিব। বিয়া নোহোৱা ছোৱালীক বিজেপি চৰকাৰে আজীৱন পেন্সন দিব বুলি ঘোষণা কৰা। 

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ চূড়ান্ত খচৰা প্ৰকাশ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিৰ দিনটো অসমৰ বাবে এটা ঐতিহাসিক দিন বুলি কয়। দীঘলীয়া প্ৰক্ৰিয়াৰ পিছত আজি এনআৰচিৰ. চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ পালে। আপাতাত দৃষ্টিত ৪০ লাখ মানুহৰ নাম বাদ পৰিছে কিন্তু এই সংখ্যাটোক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ ভাৰতীয় নাগৰিকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে তাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে সহযোগ কৰিব বুলি কয়। এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে চৰকাৰে চোকা দৃষ্টি ৰাখিব বুলি স্পষ্ট ভাৱে কয়। 

চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী তপন কুমাৰ গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, থাওঁৰা সমষ্টিৰ বিধায়ক কোঁশল দেউৰী, দুলীয়াজানৰ তেৰশ গোৱালা, টিংখাং সমষ্টিৰ বিধায়ক বিমল কুমাৰ বড়া, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, জিলা আৰক্ষী অধীক্ষক জিৎমল দলে উপস্থিত থাকে।