88
নলবাৰীঃ নলবাৰীৰ নমাটিত ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু আন দুখন আঁচনিৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই।
অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰদীপ চৌধুৰী, স্থানীয় পঞ্চায়ত সভাপতি প্ৰনিতা ৰাজবংশী, বিজেপি নেতা কমলেশ্বৰ ৰাজবংশী, খগেন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা সহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।