চাবুৱাঃ দীৰ্ঘ দিনীয়া দাবীৰ অন্তত বিধায়কে সপোন পূৰণ কৰিলে ৰাইজৰ৷ চাবুৱা বিধান সভা সমষ্টিৰ ৰাইজে দীৰ্ঘ দিন ধৰি পুখুৰীজানৰ পৰা ডিআৰটি পথ সংযোগী অতি ব্যস্ত পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল৷ ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই শাসকীয় বিজেপি দলৰ চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই আজি পথটোৰ আধাৰশিলা স্থাপন কৰে।
বৃহস্পতিবাৰে সমষ্টি টোৰ ডি আৰ টি পথৰ পৰা পুখুৰীজান গাঁৱৰ পথটোৰ আধাৰশিলা স্থাপন কৰে চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক৷ জৰাজীৰ্ণ পথটোৰে ৰাইজে অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছিল।