আমগুৰিঃ আধাৰশিলা ভঙাৰ ৰাজনীতিত গৰম হৈ পৰিছিল ৰাজ্য৷ কেইটামান মাহ পুৰ্বে ৰাজ্যৰ কেইবা খনো জিলাত পুৰ্বৰ কংগ্ৰেছ চৰকাৰে স্থাপন কৰা আধাৰশিলা ভাঙি পেলাইছিল দুৰ্বত্তই৷ যাৰ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শিৱসাগৰ, দৰং আদি জিলাত এনে ঘটনা সংঘটিত হৈছিল৷
কিন্তু এইবাৰ আধাৰশিলা কোনেও ভাঙিব লগা হোৱা নাই৷ এইবাৰ আধাৰশিলা নিজে নিজে ভাঙি পৰিছে৷ শিৱসাগৰ জিলাৰ ১০৩নং আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই চমক সৃষ্টিৰ বাবে এদিনতে ২৯টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল৷